ভাৰতীয় দৰ্শন শাস্ত্ৰ: চাৰিবেদৰ কথা
ভাৰতীয় দৰ্শন শাস্ত্ৰ: চাৰিবেদৰ কথা।
**************************************
আজিৰ পাখি-কলমত ভাৰতীয় দৰ্শনৰ বিষয়ে কিছু কথা চৰ্চা কৰিম৷ আশাকৰোঁ মোৰ দৰে আপোনাসকলেও এই গভীৰ কলম ভাগ উপভোগ কৰিব৷
আৰম্ভণিতে আমি ভাৰতীয় দৰ্শন শাস্ত্ৰ সমূহনো কি কি আৰু এই সুগভীৰ শাস্ত্ৰীয় জ্ঞান সমূহ ক’ৰ পৰা জানিবলৈ পাতনি মেলিম সেই কথা থিৰাং কৰিব লাগিব৷
সেইফালৰপৰা চিন্তা কৰি আৰম্ভ কৰিলে আমাৰ ভাৰতীয় দৰ্শনৰ তিনিটা মাৰ্গ যেনে জ্ঞানৰ মাৰ্গ, ভক্তি মাৰ্গ আৰু কৰ্ম মাৰ্গ দেখা যায়; যেনেদৰে আমাৰ শৈক্ষিক জগতৰ ক্ষেত্ৰত বিজ্ঞান, কলা আৰু বাণিজ্য শাখা থাকে আৰু তাৰেপৰাই আমি কলা বা বাণিজ্য পঢ়ি মুটামুটি সকলো বিষয়ৰ বহু জ্ঞান আয়ত্ত কৰিব পাৰি তেনেদৰেই বিশাল ভাৰতীয় দৰ্শন শাস্ত্ৰৰো এই ভাগ সমূহৰ পৰা আমি জানিব লাগিব ক’ৰপৰা আৰম্ভ কৰিম৷
দৰাচলতে ভাৰতীয় দৰ্শন শাস্ত্ৰ বুলিলে আমি সকলোৱে জনা চাৰিখন বেদকেই বুজাই; বিশেষকৈ ঋগবেদখন৷
এই ঋগবেদ ভাৰতীয় জীৱন দৰ্শনৰ সংবিধান স্বৰূপ৷
প্ৰসংগতে মই জনাও যে এই চাৰি বেদ ক্ৰমে ঋগবেদ, যজুৰ্বেদ, সামবদ আৰু অথৰ্ব বেদ কোনো ধৰণৰ ধৰ্মীয় কৰ্মকাণ্ডৰ শাস্ত্ৰ নহয়; ই ভাৰতীয় জীৱন দৰ্শনহে হয়৷ সৰ্বসাধাৰণ লোকে বেদক ধৰ্ম শাস্ত্ৰ বুলি ভাৱে৷
অৱশ্যে বেদত ধৰ্ম মানে অকল ঈশ্বৰৰ উপাসনা নহয়, মানৱ জীৱনৰ পালন কৰিবলগীয়া দায়িত্বহে৷
প্ৰকৃতাৰ্থত বেদত কেনেকৈ মানুহে অমূল্য মানৱ জীৱনটোৰ মানৱীয় কৰ্তব্য সমূহ জীৱনকালৰ পৰ্যায় অনুযায়ী অনুসৰণ কৰি এক সফল মানৱ জীৱন সম্পন্নতাৰে সমাপ্ত কৰিব পাৰি তাৰহে দৰ্শন দিয়া হৈছে৷
অৱশ্যে পিছলৈ কিছুমান ন্যস্তস্বাৰ্থৰ মানৱৰ গোটে সমাজত আধিপত্য স্থাপনৰ উদ্দেশ্যে এই দৰ্শন শাস্ত্ৰ সমূহ ভগৱানৰ বাণী বুলি নিজ নিজ স্বাৰ্থত যাৰ যি মন যায় ভুল ব্যাখ্যা দি ইয়াৰ অপপ্ৰয়োগ কৰিবলৈ ধৰিলে; সেই সমূহ কথাৰ বিষয়েও বিশদভাৱে আলোচনা কৰি যাম৷
ভাৰতীয় সভ্যতাত সনাতন পন্থাক বহু ভুল ব্যাখ্যাৰে সমাজত অপপ্ৰয়োগ কৰা হৈছিল আৰু বৰ্তমানলৈকে ইয়াৰ প্ৰভাৱ সমাজত দেখা যায়৷ তথাপিও আজিৰ শিক্ষিত তথা বিজ্ঞ নৱপ্ৰজন্মই সেই সমূহ কথা গৱেষণা কৰি পুনঃ চৰ্চালৈ লৈ আহিছে৷
এই ক্ষেত্ৰত বহু ইউৰোপীয় পণ্ডিতেও উল্লেখনীয় কাম কৰি আছে৷ সংস্কৃত ভাষাত লিখিত এই দৰ্শন গ্ৰন্থ সমূহ আমি ভাৰতীয় সকলৰ নগণ্য সংখ্যক বিজ্ঞ পণ্ডিতে কিমান পৰিমাণে সৰ্বসাধাৰণে পঢ়িব পৰাকৈ প্ৰকাশ কৰাৰ কথা চিন্তা কৰিছে জনা নাযায়; এতিয়াও কোনোবাই এই বেদ সমূহৰ গূঢ়াৰ্থৰ বিষয়ে জানিব বিচাৰিলে ইউৰোপীয় পণ্ডিতৰ অনুবাদ গ্ৰন্থৰ সহায় ল’বলগীয়া হয়৷
আচলতে যিসকল ভাৰতীয় পণ্ডিতে এই বেদ সমূহৰ জ্ঞান আয়ত্ত কৰিছে তেওঁলোকৰ নিজৰ মাজতেই থকাৰ বাবেই সৰ্বসাধাৰণে এই বিষয়ে একো নাজানে বিশেষকৈ সংস্কৃত ভাষা নজনাৰ বাবে৷
বজাৰতো যদি আমি বিচাৰোঁ, তেনে বেদৰ নামত কিছুমান মন্ত্ৰৰ কিতাপহে পোৱা যায় , যিবোৰ নেকি বেদ নহয় সংহিতাহে যি নেকি সনাতন ধৰ্মৰ কৰ্মকাণ্ডৰ বৰ্ণন থকা কিতাপহে৷
জ্ঞানপিপাসু বিদেশী পণ্ডিত সকলে অতি ক্ষিপ্ৰতাৰে সংস্কৃত ভাষা শিকি নিজ নিজ ভাষালৈ বেদ আদিৰ দৰে এই মহান ভাৰতীয় গ্ৰন্থ সমূহ অনুবাদ কৰি চৰ্চা কৰি তাৰ লাভ লৈ আছে৷
আনকি সংস্কৃত বহু বিদেশী বিশ্ববিদ্যালয়ৰ এটি জনপ্ৰিয় ভাষাশিক্ষাৰ বিভাগ হৈ পৰিছে; ইয়াৰ একমাত্ৰ কাৰণ ইয়াৰ দ্বাৰাই বহু ভাৰতীয় জ্ঞান-বিজ্ঞানৰ সম্ভাৰ অমূল্য দৰ্শন শাস্ত্ৰ সমূহৰ পৰা জ্ঞান আহৰণ কৰা৷
আধুনিক বিজ্ঞানৰ বিগ বেঙ্গৰ দৰে সূত্ৰ তথা কুৱান্টাম ফিজিক্সৰ দৰে বহু জটিল বিষয়ৰ সূত্ৰ সমূহ আমাৰ এই গ্ৰন্থ সমূহতেই সবিস্তাৰে লিখা আছে৷
চাৰি বেদৰ কথা সমূহ ক্ৰম অনুসৰি যদি বুজিবলৈ চেষ্টা কৰোঁ তেনে প্ৰথমে ঋগবেদৰ বিষয়ে সংক্ষেপ বিৱৰণ এনেধৰণৰ:
সৰ্বপ্ৰথম বেদ ঋগবেদত বস্তুৰ গুণ,কৰ্ম আৰু স্বভাৱৰ বিষয়ে বৰ্ণনা কৰিছে সেয়ে এই বেদক জ্ঞান কাণ্ড বুলি কোৱা হয়৷
অৰ্থাৎ প্ৰকৃতি আৰু ইয়াৰ গুণৰ বিষয়ে সৰ্বসাধাৰণতে বুজি নোপোৱা বিশিষ্ট গুণ সমূ অধ্যয়ন কৰিব লাগে৷
ইয়াৰ পিছৰ যজুৰ্বেদত ঋগবেদৰ সকলো জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগৰ বিষয়ে বৰ্ণনা কৰাৰ কথা বুজুৱা হৈছে সেয়ে কৰ্মকাণ্ড ইয়াৰ প্ৰধান বিষয়৷
উপৰোক্ত দুয়োটা বিষয়ৰ জ্ঞান আহৰণ কৰাৰ পিছত মানুহৰ ঈশ্বৰৰ সৃষ্টিৰ সকলো ৰহস্যৰ বোধ হয় আৰু আধ্যাত্মিক জ্ঞানৰ বিকাশ ঘটে সেয়ে ভক্তিযুগৰ মন্ৰ সমূহ সুমধুৰ গীত প্ৰধান সামবেদ ৰচনা কৰা হৈছে ইয়াৰ উদ্দেশ্য ভক্তি উপাসনা৷
উপৰোক্ত জ্ঞানযুগ,কৰ্মযুগ,ভক্তিযুগৰ অধ্যয়নৰ পিছত বিশেষ জ্ঞানৰ উৎপত্তি হয় যাক বিজ্ঞান কোৱা হৈছে আৰু অন্তিম খন বেদ অথৰ্ব বেদত ইয়াৰ বহল ব্যাখ্যা আছে৷
বিজ্ঞানৰ এই মহান বিশ্লেষণ বেদত অতিশয় তথ্যসম্ভাৰেৰে বৰ্ণিত কৰিছে৷
বিগ বেঙ্গ, ব্লেক হোল তথা কুৱান্টাম ফিজিক্সৰ দৰে বহু জটিল বিষয়ৰ সুবিস্তৃত পৰ্যালোচনা আছে৷ সেয়ে এই বেদ শাস্ত্ৰ সমূহে বিশ্বৰ বহু পণ্ডিতক অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰিছে৷
আজিৰ কলমক ইমানতে বিৰাম দিছোঁ, পিছৰ চৰ্চাত আৰু সবিস্তাৰে ভাৰতীয় দৰ্শনৰ বিষয়ে জানিম৷
ধন্যবাদ সহকাৰে
শ্ৰীমতী ৰুমা হাজৰিকা
০৬/০৬/'২৪
Comments
Post a Comment