পাখি-কলম/ Quill
প্ৰাককথন
প্ৰিয় পাঠক
পাখি-কলম তুলি ললোঁ নতুন পাতত,আশাকৰোঁ আদৰি ল’ব৷
'পাখি কলম'এই শীৰ্ষক ব্লগপোষ্টৰ দ্বাৰাই শব্দৰ মায়াজালত আৱদ্ধ আৱেগৰ মোৰ ভাললগা চিন্তাগভীৰ কিছু বিষয়বস্তুৰ সংকলিত তথ্য আগবঢ়াই নিবলৈ হাবিয়াস কৰিছোঁ; আশাকৰোঁ ব্লগটি সুখপাঠ্য হ’ব৷
আদি কালৰ লেখন সঁজুলি এই পাখি-কলমেৰে অতিজৰে পৰাই পত্ৰ,পত্ৰিকাৰ পৰা পুথিপাজি তথা সন্ধি-চুক্তিৰ পৰা চিন্তা-দৰ্শন বা অনাদিকালৰ দস্তাবেজলৈকে সময়ৰ বিভিন্ন চৰ্চাক সাঁচি ৰখা হৈছিল; সেয়ে মোৰ মনত সৃষ্টি হোৱা চিন্তাবোৰ নিৰবিচ্ছিন্নতাৰে এক জ্ঞানগভীৰ পাখি- কলম ৰূপে আপোনাসকলৰ চিন্তাত কল্লোল আনিব বুলি মোৰ প্ৰিয় বিষয়বোৰৰ একোএক চমু উপস্থাপন এই ব্লগত দি যাম যাতে আজৰি পৰত পঢ়াৰ আনন্দ ল’ব পাৰে৷
এই ব্লগপোষ্ট সমূহ সকলো নতুন কথা জানিবলৈ ভালপোৱা পাঠকলৈ উচৰ্গা কৰিলোঁ, আশীৰ্বাদ কৰিব যাতে মোৰ কলমত আই সৰস্বতীয়ে বসতি দিয়ে৷
শুভেচ্ছাৰে
শ্ৰীমতী ৰুমা হাজৰিকা৷
মুম্বাই
০৬/০৬/‘২৪


Comments
Post a Comment