বেদ মানেনো কি, ইয়াক কেনেদৰে পঢ়া হয়
বেদ মানেনো কি, ইয়াক কেনেদৰে পঢ়া হয়৷
*************************
আজিৰ চৰ্চাত জানিম বেদ মানেনো কি, ইয়াক কেনেদৰে পঢ়া হয়৷
প্ৰথমে জানো আহক, বেদ একোখন কিতাপ বা গ্ৰন্থ নহয় ই বৈদিক কালত ৰচিত দৰ্শন শাস্ত্ৰৰ সমূহৰ বৰ্গীকৰণ কৰা গ্ৰন্থ সংকলন হয় যিটো নেকি ইংৰাজীত categorization কোৱা হয়৷
সেয়ে চাৰিখন বেদৰ একোখনৰ অন্তৰালত বহু গ্ৰন্থ থাকে৷ দৰাচলতে বুৰঞ্জীবিদ সকলে খৃষ্টপূৰ্ব ১৫০০ শতিকাৰ পৰা ৫০০ শতিকালৈকে এই কালচোৱাত ৰচিত বৈদিক গ্ৰন্থ সমূহক বেদ নামকৰণ কৰি একো এক বিষয়বস্তুৰ বৰ্গত ভাগ কৰি ৰচনা কৰিছিল৷
উদাহৰণ স্বৰূপে ঈশ্বৰ প্ৰাপ্তিৰ দৰ্শন, মানৱ জাতিৰ কল্যাণৰ হকে লিখা দৰ্শন, বিজ্ঞান, সাহিত্য,ব্যাকৰণ,গণিত ইত্যাদি বিভিন্ন বিষয়ৰ ওপৰত ভাগ ভাগ কৰি বহু কিতাপ লিখিছিল , যিবোৰক সংহিতা, উপনিষদ, আৰণ্যক,ব্ৰাহ্মণ আদি নামেৰে নামকৰণ কৰি ৰচিছিল আৰু প্ৰতিখন বেদ যেনে ঋগবেদ, যজুৰ্বেদ, সামবেদ তথা অথৰ্ব বেদত বিষয়বস্তুৰ সামঞ্জ্যস্য থকা এই সমূহ গ্ৰন্থ সংকলন আছিল৷
অৰ্থাৎ ঋগবেদ বেদ বুলিলে ইয়াৰ অন্তৰালত থকা সমূহ গ্ৰন্থ পঢ়িব লাগিব, এনেধৰণৰ বেদৰ সমূহ গ্ৰন্থ সংকলনক বৈদিক বাঙ্ময় বুলি কোৱা হয়৷
এই গ্ৰন্থবোৰ চাৰি প্ৰকাৰৰ, ইয়াত প্ৰথম ভাগত পদ,ছন্দৰ ৰূপে মন্ত্ৰ থাকে, ইয়াত মুখ্যতঃ ঈশ্বৰক উপাসনা কৰা হয়,প্ৰকৃতিৰ পূজা কৰা আৰু ইয়াক সংহিতা বুলি কোৱা হয়৷
দ্বিতীয় ভাগত গদ্য ৰূপে পোৱা যায় ইয়াত ঈশ্বৰ প্ৰাপ্তিৰ বাবে কৰ্মকাণ্ডৰ বিধান দিয়া আছে যাক নেকি ব্ৰাহ্মণ গ্ৰন্থ বুলি কোৱা হয়৷
তৃতীয় ভাগত তেনেদৰে গদ্যতে লিখা থাকে আৰু ঈশ্বৰ প্ৰাপ্তিৰ কথাকেই কোৱা হৈছে কিন্তু ই ব্ৰাহ্মণ গ্ৰন্থতকৈ উচ্চ খাপৰ জ্ঞান তথা দৰ্শনৰ চৰ্চা কৰা হৈছে আৰু ইয়াক আৰণ্যক গ্ৰন্থ বুলি কোৱা হয়৷
চতুৰ্থ ভাগ হ’ল গুৰু-শিষ্যৰ সংবাদ আছে, ই ভৌতিকতাক ত্যাগ দি আধ্যাত্মিকতাক আদৰি জীৱন যাপনৰ ওপৰত কৰা চৰ্চা হয় আৰু ইয়াক উপনিষদ বুলি কোৱা হয়৷
উল্লিখিত সংহিতা , ব্ৰাহ্মণ, আৰণ্যক তথা উপনিষদ এই প্ৰতিটো ভাগ এখন এখন বেদৰ লগত জড়িত গ্ৰন্থ হয়৷
উদাহৰণ স্বৰূপে আত্ৰেয় ব্ৰাহ্মণ গ্ৰন্থক ঋগবেদৰ লগত সংযোগ কৰা হৈছে কাৰণ ইয়াত ঋগবেদৰ কথা সমূহৰ আধাৰত সংহিতাৰ মন্ত্ৰ পাঠ ৰূপে ব্যাখ্যা কৰা হৈছে৷
এনেদৰে ঋগবেদৰ অন্তৰালত ঋগবেদ সংহিতা, ঋগবেদ ব্ৰাহ্মণ, ঋগবেদ আৰণ্যক, ঋগবেদ উপনিষদ আছে৷
আকৌ ঋগবেদ ব্ৰাহ্মণৰ অন্তৰালত আত্ৰেয় ব্ৰাহ্মণ আৰু কৌশিকী ব্ৰাহ্মণ গ্ৰন্থ সন্নিৱিষ্ট হৈ আছে৷
তেনেদৰে ঋগবেদ আৰণ্যক ৰ সৈতে আত্ৰেয় আৰণ্যক , সাংখ্যায়ণ আৰণ্যক গ্ৰন্থ সন্নিৱিষ্ট হৈ আছে৷
সেইদৰে ঋগবেদ উপনিষদৰ সৈতে আত্ৰেয় উপনিষদ, আত্মবোধ উপনিষদ, ত্ৰিপুৰা উপনিষদ, নিৰ্ৱাণ উপনিষদ, কৌশিকী উপনিষদ আদি এনেদৰে অনেক গ্ৰন্থৰ সমূহ হিচাপে ঋগবেদ সৃষ্টি কৰা হৈছে৷
তেনেদৰে যজুৰ্বেদো অকল সংহিতাৰে সন্নিৱিষ্ট নহয়, ঋগবেদৰ দৰেই সকলোবোৰ শাস্ত্ৰ যেনে ব্ৰাহ্মণ, আৰণ্যক,উপনিষদ আদিৰ সমূহৰ একত্ৰিত দৰ্শন শাস্ত্ৰ হয়৷
এনেদৰে প্ৰতিখন বেদৰ সৈতে অনেক শাস্ত্ৰ প্ৰসংগ অনুসৰি ভাগ ভাগকৈ সন্নিৱিষ্ট হৈ আছে৷
এই বিশাল গ্ৰন্থৰ সমূহক অধ্যয়নৰ সুবিধাৰ্থে, অতি বিচক্ষণতাৰে বিষয় অনুসৰি মানুহৰ জীৱনক চাৰিটা ভাগত ভাগ কৰি অধ্যয়ন কৰিবলৈ বৰ্গীকৰণ কৰি দিছিল আৰু এই ভাগ সমূহক এক এক আশ্ৰম বুলি কোৱা হয়৷
যেনে, ব্ৰহ্মচাৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্যাস৷
উদাহৰণ স্বৰূপে ব্ৰহ্মচাৰ্য আশ্ৰমৰ মানুহৰ আয়ুস ০—২৫ বছৰ বয়সলৈকে নিৰ্ধাৰিত কৰা হৈছে৷
এই বয়সত মানুহে বেদৰ সংহিতা সমূহৰ জটিল মন্ত্ৰ পাঠ সমূহ সোনকালে আয়ত্ত কৰিব পাৰে বাবে ব্ৰহ্মচাৰ্য আশ্ৰমত এই ভাগ শিক্ষা প্ৰদান কৰা হৈছিল৷
তাৰপাছত ২৫—৫০ বছৰ এই সময়চোৱাত মানুহ বৈবাহিক জীৱন আৰম্ভ কৰি দৈনন্দিন সাংসাৰিক কামকাজত নিত্য পালন কৰিবলগীয়া কৰ্মকাণ্ডৰ বিধি সমূহ ব্ৰাহ্মণ গ্ৰন্থ অধ্যয়ন কৰি পালন কৰিছিল৷
পঞ্চাশ বছৰ অতিক্ৰম কৰাৰ পাছত এজন মানুহ বানপ্ৰস্থত প্ৰবেশ কৰে৷ জীৱনৰ এই সময়চোৱাত জীৱনৰ পৰম সত্যক জানিবলৈ সাংসাৰিক জীৱন ত্যাগ কৰি বনত ধ্যান কৰিবলৈ গমন কৰে আৰু এই সময়চোৱাত আৰণ্যক গ্ৰন্থ পঢ়িছিল যি নেকি জ্ঞান আৰু দৰ্শন প্ৰদান কৰিছিল৷
অৱশেষত এজন মানুহ যেতিয়া পইসত্তৰ বছৰ বয়স অতিক্ৰম কৰে তেতিয়া জীৱনৰ ভৌতিক বিষয়বস্তু পৰিত্যাগ কৰি আধ্যাত্মিকতা বিচাৰি সন্যাসৰ পিনে অগ্ৰসৰ হয় আৰু জীৱনৰ এই অন্তিম সময়ত উপনিষদৰ অধ্যয়ন কৰিছিল৷
এনেদৰে ভাৰতীয় দৰ্শন শাস্ত্ৰ বেদ সমগ্ৰ জীৱন অধ্যয়ন কৰিহে আয়ত্ত কৰিছিল৷ ই এবাৰতে পঢ়ি শেষ কৰা শাস্ত্ৰ নহয়৷
কেনে মাহাত্ম্যপূৰ্ণ এই ভাৰতীয় জীৱন দৰ্শন শাস্ত্ৰ বেদ, নহয়নে বাৰু, সঁচাই আমি এই মহান গ্ৰন্থ অধ্যয়ন কৰি ইয়াৰ গভীৰ মহাসাগৰৰ মুকুতা বুটলি ধন্য হ’ব লাগে৷
আগলৈ
কৃতজ্ঞতাৰে
শ্ৰীমতী ৰুমা হাজৰিকা
১৩/০৬/‘২৪

Comments
Post a Comment