Posts

Showing posts from June, 2024

বেদ মানেনো কি, ইয়াক কেনেদৰে পঢ়া হয়

Image
 বেদ মানেনো কি, ইয়াক কেনেদৰে পঢ়া হয়৷ ************************* আজিৰ চৰ্চাত জানিম বেদ মানেনো কি, ইয়াক কেনেদৰে পঢ়া হয়৷ প্ৰথমে জানো আহক, বেদ একোখন কিতাপ বা গ্ৰন্থ নহয় ই বৈদিক কালত ৰচিত দৰ্শন শাস্ত্ৰৰ সমূহৰ বৰ্গীকৰণ কৰা গ্ৰন্থ সংকলন হয় যিটো নেকি ইংৰাজীত categorization কোৱা হয়৷ সেয়ে চাৰিখন বেদৰ একোখনৰ অন্তৰালত বহু গ্ৰন্থ থাকে৷ দৰাচলতে বুৰঞ্জীবিদ সকলে খৃষ্টপূৰ্ব ১৫০০ শতিকাৰ পৰা ৫০০ শতিকালৈকে এই কালচোৱাত ৰচিত বৈদিক গ্ৰন্থ সমূহক বেদ নামকৰণ কৰি একো এক বিষয়বস্তুৰ বৰ্গত ভাগ কৰি ৰচনা কৰিছিল৷  উদাহৰণ স্বৰূপে ঈশ্বৰ প্ৰাপ্তিৰ দৰ্শন, মানৱ জাতিৰ কল্যাণৰ হকে লিখা দৰ্শন, বিজ্ঞান, সাহিত্য,ব্যাকৰণ,গণিত ইত্যাদি বিভিন্ন বিষয়ৰ ওপৰত ভাগ ভাগ কৰি বহু কিতাপ লিখিছিল , যিবোৰক সংহিতা, উপনিষদ, আৰণ্যক,ব্ৰাহ্মণ আদি নামেৰে নামকৰণ কৰি ৰচিছিল আৰু প্ৰতিখন বেদ যেনে ঋগবেদ, যজুৰ্বেদ, সামবেদ তথা অথৰ্ব বেদত বিষয়বস্তুৰ সামঞ্জ্যস্য থকা এই সমূহ গ্ৰন্থ সংকলন আছিল৷ অৰ্থাৎ ঋগবেদ বেদ বুলিলে ইয়াৰ অন্তৰালত থকা সমূহ গ্ৰন্থ পঢ়িব লাগিব, এনেধৰণৰ বেদৰ সমূহ গ্ৰন্থ সংকলনক বৈদিক বাঙ্ময় বুলি কোৱা হয়৷ এই গ্ৰন্থবোৰ চাৰি প...

ভাৰতীয় দৰ্শন শাস্ত্ৰ: চাৰিবেদৰ কথা

Image
 ভাৰতীয় দৰ্শন শাস্ত্ৰ: চাৰিবেদৰ কথা। ************************************** আজিৰ পাখি-কলমত ভাৰতীয় দৰ্শনৰ বিষয়ে কিছু কথা চৰ্চা কৰিম৷ আশাকৰোঁ মোৰ দৰে আপোনাসকলেও এই গভীৰ কলম ভাগ উপভোগ কৰিব৷ আৰম্ভণিতে আমি ভাৰতীয় দৰ্শন শাস্ত্ৰ সমূহনো কি কি আৰু এই সুগভীৰ শাস্ত্ৰীয় জ্ঞান সমূহ ক’ৰ পৰা জানিবলৈ পাতনি মেলিম সেই কথা থিৰাং কৰিব লাগিব৷ সেইফালৰপৰা চিন্তা কৰি আৰম্ভ কৰিলে আমাৰ ভাৰতীয় দৰ্শনৰ তিনিটা মাৰ্গ যেনে জ্ঞানৰ মাৰ্গ, ভক্তি মাৰ্গ আৰু কৰ্ম মাৰ্গ দেখা যায়; যেনেদৰে আমাৰ শৈক্ষিক জগতৰ ক্ষেত্ৰত বিজ্ঞান, কলা আৰু বাণিজ্য শাখা থাকে আৰু তাৰেপৰাই আমি কলা বা বাণিজ্য পঢ়ি মুটামুটি সকলো বিষয়ৰ বহু জ্ঞান আয়ত্ত কৰিব পাৰি তেনেদৰেই বিশাল ভাৰতীয় দৰ্শন শাস্ত্ৰৰো এই ভাগ সমূহৰ পৰা আমি জানিব লাগিব ক’ৰপৰা আৰম্ভ কৰিম৷ দৰাচলতে ভাৰতীয় দৰ্শন শাস্ত্ৰ বুলিলে আমি সকলোৱে জনা চাৰিখন বেদকেই বুজাই; বিশেষকৈ ঋগবেদখন৷ এই ঋগবেদ ভাৰতীয় জীৱন দৰ্শনৰ সংবিধান স্বৰূপ৷ প্ৰসংগতে মই জনাও যে এই চাৰি বেদ ক্ৰমে ঋগবেদ, যজুৰ্বেদ, সামবদ আৰু অথৰ্ব বেদ কোনো ধৰণৰ ধৰ্মীয় কৰ্মকাণ্ডৰ শাস্ত্ৰ নহয়; ই ভাৰতীয় জীৱন দৰ্শনহে হয়৷ সৰ্বসাধাৰণ লোকে ...

পাখি-কলম/ Quill

Image
প্ৰাককথন —————- প্ৰিয় পাঠক পাখি-কলম তুলি ললোঁ নতুন পাতত,আশাকৰোঁ আদৰি ল’ব৷  'পাখি কলম'এই শীৰ্ষক ব্লগপোষ্টৰ দ্বাৰাই শব্দৰ মায়াজালত আৱদ্ধ আৱেগৰ মোৰ ভাললগা চিন্তাগভীৰ কিছু বিষয়বস্তুৰ সংকলিত তথ্য আগবঢ়াই নিবলৈ হাবিয়াস কৰিছোঁ; আশাকৰোঁ ব্লগটি সুখপাঠ্য হ’ব৷ আদি কালৰ লেখন সঁজুলি এই পাখি-কলমেৰে অতিজৰে পৰাই পত্ৰ,পত্ৰিকাৰ পৰা পুথিপাজি তথা সন্ধি-চুক্তিৰ পৰা চিন্তা-দৰ্শন বা অনাদিকালৰ দস্তাবেজলৈকে সময়ৰ বিভিন্ন চৰ্চাক সাঁচি ৰখা হৈছিল; সেয়ে মোৰ মনত সৃষ্টি হোৱা চিন্তাবোৰ নিৰবিচ্ছিন্নতাৰে এক জ্ঞানগভীৰ পাখি- কলম ৰূপে আপোনাসকলৰ চিন্তাত কল্লোল আনিব বুলি মোৰ প্ৰিয় বিষয়বোৰৰ একোএক চমু উপস্থাপন এই ব্লগত দি যাম যাতে আজৰি পৰত পঢ়াৰ আনন্দ ল’ব পাৰে৷ এই ব্লগপোষ্ট সমূহ সকলো নতুন কথা জানিবলৈ ভালপোৱা পাঠকলৈ উচৰ্গা কৰিলোঁ, আশীৰ্বাদ কৰিব যাতে মোৰ কলমত আই সৰস্বতীয়ে বসতি দিয়ে৷ শুভেচ্ছাৰে শ্ৰীমতী ৰুমা হাজৰিকা৷ মুম্বাই ০৬/০৬/‘২৪