বেদ মানেনো কি, ইয়াক কেনেদৰে পঢ়া হয়
বেদ মানেনো কি, ইয়াক কেনেদৰে পঢ়া হয়৷ ************************* আজিৰ চৰ্চাত জানিম বেদ মানেনো কি, ইয়াক কেনেদৰে পঢ়া হয়৷ প্ৰথমে জানো আহক, বেদ একোখন কিতাপ বা গ্ৰন্থ নহয় ই বৈদিক কালত ৰচিত দৰ্শন শাস্ত্ৰৰ সমূহৰ বৰ্গীকৰণ কৰা গ্ৰন্থ সংকলন হয় যিটো নেকি ইংৰাজীত categorization কোৱা হয়৷ সেয়ে চাৰিখন বেদৰ একোখনৰ অন্তৰালত বহু গ্ৰন্থ থাকে৷ দৰাচলতে বুৰঞ্জীবিদ সকলে খৃষ্টপূৰ্ব ১৫০০ শতিকাৰ পৰা ৫০০ শতিকালৈকে এই কালচোৱাত ৰচিত বৈদিক গ্ৰন্থ সমূহক বেদ নামকৰণ কৰি একো এক বিষয়বস্তুৰ বৰ্গত ভাগ কৰি ৰচনা কৰিছিল৷ উদাহৰণ স্বৰূপে ঈশ্বৰ প্ৰাপ্তিৰ দৰ্শন, মানৱ জাতিৰ কল্যাণৰ হকে লিখা দৰ্শন, বিজ্ঞান, সাহিত্য,ব্যাকৰণ,গণিত ইত্যাদি বিভিন্ন বিষয়ৰ ওপৰত ভাগ ভাগ কৰি বহু কিতাপ লিখিছিল , যিবোৰক সংহিতা, উপনিষদ, আৰণ্যক,ব্ৰাহ্মণ আদি নামেৰে নামকৰণ কৰি ৰচিছিল আৰু প্ৰতিখন বেদ যেনে ঋগবেদ, যজুৰ্বেদ, সামবেদ তথা অথৰ্ব বেদত বিষয়বস্তুৰ সামঞ্জ্যস্য থকা এই সমূহ গ্ৰন্থ সংকলন আছিল৷ অৰ্থাৎ ঋগবেদ বেদ বুলিলে ইয়াৰ অন্তৰালত থকা সমূহ গ্ৰন্থ পঢ়িব লাগিব, এনেধৰণৰ বেদৰ সমূহ গ্ৰন্থ সংকলনক বৈদিক বাঙ্ময় বুলি কোৱা হয়৷ এই গ্ৰন্থবোৰ চাৰি প...